২৭ ডিচেম্বৰ,২০২৪- মৌন আছিল নেকি মনমোহন সিং?
দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ বৃহস্পতিবাৰে ৯২ বছৰ বয়সত দিল্লীৰ এইমছত মৃত্যু হয়। মৃত্যুৰ পিছতেই ড০ মনমোহন সিঙৰ এটা পুৰণি ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত তেওঁ নিজৰ সমালোচকসকলক স্পষ্ট বাৰ্তা দিছিল যে মৌনতা তেওঁৰ দুৰ্বলতা নহয়, তেওঁৰ শক্তি আছিল। মনমোহন সিঙে কৈছিল, ‘ময়েই আছিলোঁ প্ৰধানমন্ত্ৰী যিয়ে কেতিয়াও ভয় কৰা নাছিলোঁ।’
মনমোহন সিং ২০০৪ চনৰ পৰা ২০১৪ চনলৈ একেৰাহে দুটাকৈ কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হৈছিল। তেওঁৰ কাৰ্যকালত ভাৰতে উল্লেখযোগ্য অৰ্থনৈতিক অগ্ৰগতিও লাভ কৰিছিল। ২০১৭ চনত মনমোহন সিঙে তেওঁৰ ‘চেঞ্জিং ইণ্ডিয়া’ গ্ৰন্থ উন্মোচনৰ সময়ত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ মাজতে কৈছিল যে মানুহে ভাবে যে মই এজন মৌন প্ৰধানমন্ত্ৰী আছিলোঁ। কিন্তু মই আপোনালোকক কওঁ যে মই এজন প্ৰধানমন্ত্ৰী আছিলো যিয়ে সংবাদ মাধ্যমৰ লগত কথা পাতিবলৈ ভয় কৰা নাছিলো। মই প্ৰতিখন বিদেশ ভ্ৰমণৰ পৰা উভতি আহি সংবাদমেল সম্বেধন কৰিছিলোঁ।
উল্লেখ্য যে বৃহস্পতিবাৰে ড০ মনমোহন সিঙৰ স্বাস্থ্যৰ অৱনতি ঘটাত নিশা ৮.০৬ বজাত দিল্লীৰ এইমছত ভৰ্তি কৰা হৈছিল যদিও নিশা ৯.৫১ বজাত শেষ-নিশ্বাস ত্যাগ কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে।